নিবনুৱাৰ বাবে ৫০০০০ কৈও অধিক পদ মুকলি কৰিব Amazon India Country Head Amit Agarwal লে।

আমাজন ইণ্ডিয়া হৈছে ভাৰতৰ  আগশাৰীয় কোম্পানীৰ ভিতৰত অন্যতম । লকডাউনৰ কঠিন মুহুৰ্তত যত লাখ লাখ ব্যক্তি নিবনুৱা হৈ পৰিছে তেনে সময়ত আমাজনে ঘোষনা কৰিছে ৫০ হাজাৰ পদত চাকৰি দিয়াৰ কথা । কত কেনেকৈ কিদৰে আবেদন কৰিব জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।


আবেদন প্ৰক্ৰিয়া - 

অনলাইন ।

আমাজন ইণ্ডিয়া কি হয় -

আমাজন হৈছে এটা ই কমাৰ্চ কোম্পানী যাৰ দ্বাৰা অনলাইন সামগ্ৰী ক্ৰয় বিক্ৰয় কৰা হয় । মনকৰিবলগীয়া যে আমেৰিকাৰ Seattle ত আমাজনৰ মুখ্য কাৰ্যালয় অৱস্থিত । ইয়াৰে ভাৰতৰ হাইদৰাবাদত আমেৰিকাৰ বাহিৰত থকা আটাইতকৈ বৃহৎ কাৰ্যালয়টো অৱস্থিত । এই কাৰ্যালয়ৰ এটি ফটো তলত দাঙি ধৰিলো -

কি বিভাগত চাকৰি হব 

লকডাউনৰ সময়ত যিসকলে চাকৰি হেৰুৱাইছে বা যিসকল ইতিমধ্যে নিৱনুৱা হয় আছে তেঁওলোকক সকাহ দিবলৈ আমাজনে ৫০০০০ লোকক নিযুক্তি প্ৰক্ৰিয়াত সামৰি লব বুলি ঘোষণা কৰিছে । বিভাগীয় কৰ্তৃপক্ষউ জনোৱা অনুসৰি ৱেৰহাউচিং আৰু ডেলিভাৰী বিভাগত এই লোকসকলক নিযুক্তি দিয়া হব । লকডাউনৰ বাবে অনলাইন সামগ্ৰীৰ বিক্ৰীৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে আমাজনক কৰ্মচাৰীৰ প্ৰয়োজন হৈছে । আৰু সেইবাবেই আমাজনে ৫০ হাজাৰ লোকক অস্থায়ীভাৱে চাকৰিত নিয়োগ কৰিব বিচাৰিছে ।

কিদৰে আবেদন কৰিব - 

ইচ্ছুক প্ৰাৰ্থীসকলে মেইলযোগে নাইবা ফোন যোগে এই বৃহৎ চাকৰিৰ বাবে আবেদন কৰিব পাৰে । ফোনৰ দ্বাৰা আবেদন কৰিব বিচৰা ব্যক্তিসকলে 1800-208-9900 নম্বৰত ফোন কৰি আবেদন কৰিব পাৰে । নহলে seasonalhiringindia@amazon.com ত ইমেইলযোগেও আপোনাৰ বায়ডাটা দি আবেদন কৰিব পাৰিব ।ফোন কৰিলে ৰিছিভ নকৰে । ফোন কৰিলে আপোনাৰ ফোন  নং তেঁওলোকৰ তাত ছেভ হৈ যাব আৰু আমাজনে আপোনাক কল কৰিব ।

Post a Comment

0 Comments