😮অসম চৰকাৰৰ ডাঙৰ ঘোষণা-অসমীয়া হ'ব বাধ্যতামূলক আৰু বহুতো ||ৰাজ্যপালৰ হস্তাক্ষৰিত বিশেষ আইন ||

😮অসম চৰকাৰৰ ডাঙৰ  ঘোষণা-অসমীয়া হ'ব বাধ্যতামূলক আৰু বহুতো||ৰাজ্যপালৰ হস্তাক্ষৰিত বিশেষ আইন||

নমস্কাৰ বন্ধুসকল😊, অসম চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰি বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা জনায়।০৭/০৬/২০২০ দেওবাৰে, এক সংবাদমেলযোগে কৰে এই ঘোষণা।অসম চৰকাৰৰ এই পদক্ষেপৰ ফলত অসমৰ শিক্ষানু্ষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে বহু পৰিমানে সকাহ লাভ কৰিব।

 
*👉কি কি ডাঙৰ পদক্ষেপ লোৱা হ'ল,আহক জানো-


 🔴বাধ্যতামূলক কৰা হ'ল  অসমীয়া ভাষা। অসমৰ মাতৃভাষা অসমীয়া প্ৰথমমান শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে পঢ়াব লাগিব।ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়তে প্ৰযোজ্য হ'ব এই সিদ্ধান্ত।এই বিষয়ত অনা হৈছে এখন বিশেষ আইন।এই আইনৰ হস্তাক্ষৰ কৰিছে ৰাজ্যপালে।


🔴এতিয়াৰ পৰা প্ৰযোজ্য হ'ব হায়াৰ ছেকেণ্ডাৰীৰ পৰা স্নাতক পৰ্যায়লৈ বিনামূলীয়া এডমিছন।দিব নালাগে কোনো ধৰণৰ মাচুল।


🔴 অতি আনন্দসহকাৰে আপোনালোকক জনাব খুজিছো যে অসম চৰকাৰে চিকিৎসা-বিজ্ঞান, ইঞ্জিনিয়াৰিং, পলিটেকনিক শিক্ষাকে ধৰি উচ্চ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে ২০২০-২১ চনৰ শিক্ষাবৰ্ষত সকলো ধৰণৰ নামভৰ্তি বিনামূলীয়া কৰিছে ৷ কোভিড-১৯ৰ সংক্ৰমণে সৃষ্টি কৰা সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰৰ এই উদ্যোগে নিশ্চিতভাৱে পৰিয়ালসমূহক ডাঙৰ সকাহ প্ৰদান কৰিব ৷ সকলোধৰণৰ "প্ৰছ্পেক্টাছ" বিনামূলীয়া হ'ব ৷


🔴 হাইস্কুল শিক্ষান্ত পৰীক্ষাত 'ডিষ্টংচন' নাইবা 'ষ্টাৰ' নম্বৰসহ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত প্ৰতিবছৰে একোটাকৈ কম্পিউটাৰ প্ৰদান কৰি অহা হৈছে ৷ এইবছৰ লেপটপৰ পৰিৱৰ্তে শিক্ষাৰ্থীসকলক ২০ হাজাৰ টকা প্ৰদান কৰা হ'ব ৷ এই টকা তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়া হ'ব ৷ ধনখিনিৰে শিক্ষাৰ্থীসকলে নিজ পচন্দ অনুযায়ী কম্পিউটাৰ ক্ৰয় কৰিব পাৰিব ৷


🔴 আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে সৰ্বশিক্ষা অভিযানৰ অধীনত কৰ্মৰত ২৯ হাজাৰ ৭০১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীলৈ তেওঁলোকৰ ৬০ বছৰ বয়সলৈকে অন্যান্য সকলো সুবিধাসহ নিয়মীয়া "পে' স্কেল" প্ৰদানৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে ৷
তেনেদৰে, সৰ্বশিক্ষা অভিযানৰ অধীনত স্থায়ী দৰমহাত কৰ্মৰত ৰাজ্যৰ ১১ হাজাৰ ২৬০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ঠিকাভিত্তিক ৫ হাজাৰ ২৪৩ গৰাকী হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ৰাজ্য চৰকাৰৰ আন শিক্ষক-শিক্ষয়িত্ৰীৰ দৰেই একে দৰমহা, চাকৰি-কাল তথা ছুটীৰ সুবিধা লাভ কৰিব ৷


🔴 ৰাজ্য চৰকাৰে "বিদ্যাদান" নামেৰে এক ব্যতিক্ৰমী কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছে ৷ যিকোনো বিষয়ত শিক্ষাদান কৰিব বিছৰা লোকসকলৰ বাবে ইয়ে এক মঞ্চৰ দৰে কাম কৰিব ৷ সমগ্ৰ দেশতে মানবিশিষ্ট শিক্ষাৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ
প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এইদৰে লাভ কৰা শিক্ষাসমলখিনি ইন্টাৰনেটযোগে উপলব্ধ কৰোৱা হ'ব ।
 

        ধন্যবাদ 🙏

Post a Comment

0 Comments